Daily Time Axom

ছলমান ৰুছদীয়ে লাভ কৰিলে জাৰ্মান শান্তি বঁটা

0 43

বুকাৰ বিজয়ী ভাৰতীয় মূলৰ লেখক ছলমান ৰুছদীয়ে লাভ কৰে জাৰ্মান বুক ট্ৰেডৰ সন্মানীয় শান্তি বঁটা।

২২ অক্টোবৰত ফ্ৰেংকফৰ্টত তেওঁ এই বঁটা লাভ কৰিব।

জাৰ্মান বুক ট্ৰেড অথৰিটিয়ে এক বিবৃতিত কয় যে ১৯ জুনত ছলমান ৰুছদীৰ বয়স ৭৬ বছৰ হ’ব। এই উপলক্ষে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। প্ৰসংগক্ৰমে ১৯৪৭ চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল ছলমান ৰুছদিয়ে। ১৪ বছৰ বয়সত তেওঁ ব্ৰিটেইনলৈ যায়। তাত পঢ়া-শুনা কৰি লিখিবলৈ আৰম্ভ কৰে। ১৯৮১ চনত ‘মিডনাইটছ চিলড্ৰেনছ’ উপন্যাসৰ বাবে তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। এই গ্ৰন্থখনৰ পিছত তেওঁ এজন পেছাদাৰী লেখক হৈ পৰে। ইয়াৰ পূৰ্বে তেওঁ ব্ৰিটেইনত কপিৰাইটাৰ হিচাপে কাম কৰিছিল।
১৯৮৮ চনত তেওঁৰ চতুৰ্থখন উপন্যাস দ্য চেটানিক ভাৰ্চেছ প্ৰকাশৰ পিছত ৰুছদীক ইৰাণৰ ধৰ্মগুৰু আয়াতুল্লাহ খোমেইনীয়ে ধৰ্ম নিন্দা কৰাৰ অভিযোগ তুলি মৃত্যুৰ ভাবুকি দিছিল।

সেই ভাবুকিৰ তিনিটা দশকৰ পাছত নিউয়ৰ্কৰ এক অনুষ্ঠানত তেওঁক আক্ৰমণ কৰা হৈছিল। আক্ৰমণৰ কিছু সময়ৰ পিছতে গ্ৰেপ্তাৰ হয় হত্যাকাৰী হাদী মাটাৰ। সেই আক্ৰমণত ৰুছদীয়ে এটা চকুৰ দৃষ্টিশক্তি আৰু এখন হাত ব্যৱহাৰ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলাই। পিছত তেওঁ হাৰ নামানিলে। জীৱনৰ কঠিন মুহূৰ্ততো তেওঁ নিজকে সৃষ্টিশীল কামত ৰাখিছিল। এই বঁটাৰ বাবে মনোনীত হোৱাত তেওঁ সন্মানিত বুলি কয় ৰুছদীয়ে।

Leave A Reply

Your email address will not be published.