আজি উধৰবন্দ ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি পুলক ৰয়ে এক সংবাদমেলত এই কথা সদৰী কৰে। তেওঁ কয়, এ পি চি চিৰ নিৰ্দেশমৰ্মে জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালে ১৭ জুনত তেওঁক উধৰবন্দ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে হয়। ইতিমধ্যে তেওঁ দলৰ জিলা সভাপতিৰ নিৰ্দেশমৰ্মে দলটো সংগঠিত কৰাৰ কাম আৰম্ভ কৰিছে। অহা শনিবাৰে ব্লক কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সমিতিৰ ঘোষণাৰ পিছতে আয়োজন কৰা হ’ব মণ্ডল সমিতি।
জিলা সভাপতি অভিজিৎ পালক প্ৰশংসা কৰি তেওঁ কয় ইজনৰ পিছত সিজনকৈ জিলা সভাপতিৰ দায়িত্ব লোৱাৰ পিছতো কোনেও সংগঠনটোক শক্তিশালী কৰাৰ উদ্যোগ লোৱা হৈছিল।
কিন্তু অভিজিৎ পালে জিলা সভাপতি হোৱাৰ পিছত দলটোক শক্তিশালী কৰাৰ উদ্যোগ লৈছিল। দলটোক শক্তিশালী কৰিবলৈ সকলো ব্লক কমিটি ভংগ কৰি নতুনকৈ গঠন কৰা হ’ল।
হাইকমাণ্ডৰ নিৰ্দেশ অনুযায়ী কাম কৰিব বুলিও কয়। আজি উপস্থিত আছিল নুৰুল হক লস্কৰ, ললিত গোৱালা, সন্দীপ নন্দী, আখতাৰ উদ্দিন চৌধুৰী, সুদীপ ধৰ, সমচুল আলম বৰভূঞা, ছিপন বৰভূঞা, আব্দুল হক লস্কৰ, ৰঞ্জন পুৰকায়স্থই কয় যে পুলক ৰায়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ হৈ কাম কৰি আহিছে।