গোলাঘাট জিলাৰ বালিজানৰ কেন্দ্ৰীয় ৰাভা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুৱ নেতা গীতাৰ্থ গোস্বামী
ৰাজ্যিক পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰ আৰু ‘সদৌ অসম সাংস্কৃতিক পৰিষদ’ৰ উদ্যোগত গোলাঘাট জিলাৰ বৰুৱা গাওঁ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ কেন্দ্ৰীয় ভাবে ৰাভা দিৱস পালন কৰা হয়। স্থানীয় ৰাইজৰ সহযোগত কেন্দ্ৰীয় ভাবে অনুষ্ঠিত কৰা ৫৪ তম ৰাভা দিৱসৰ এই সোঁৱৰণী অনুস্থান মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সন্মানীয় সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু বিশিষ্ট সমাজ কৰ্মী তথা পদ্মশ্ৰী বঁটাৰে বিভূষিত বিৰুৱালা ৰাভা ।

ৰাজ্যখনৰ থলুৱা ভাষা সাহিত্য সংস্কৃতিৰ জীয়াই ৰখাৰ লগতে ক’লা শিল্পৰ লগত জড়িত নতুন প্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা সদৌ অসম সাংস্কৃতিক পৰিষদে আয়োজন কৰা এই বৰ্ণাঢ্য অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ লগতে কেইবা শতাধিক ৰাইজৰ উপস্থিত থাকি অনুস্থানটোৰ সৌহাৰ্দ্য বৃদ্ধি কৰে।