Daily Time Axom

ধনশিৰি মহকুমাৰ সাংবাদিকে অনুষ্ঠিত কৰা ৰাভা দিৱসত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া

0 74

ধনশিৰি মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত বৰপথাৰ, সৰুপথাৰ, আৰু উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সহযোগত বিষ্ণু ৰাভা দিৱস আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সৌজন্যত আয়োজন কৰা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যখনৰ বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়া।


ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধনশিৰি মহকুমাৰ ভিতৰত সৰ্বোচ্চ ৫৭৭ নম্বৰ, ডিষ্টিংচন সহ( ৯৬.১৭%) পাবলৈ সক্ষম হোৱা সমাজকৰ্মী জীৱন চুতীয়াৰ পুত্ৰ চিন্ময়লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে এখন সম্বৰ্ধনা পত্ৰ আৰু এটি গছপুলি প্ৰদান কৰে। অনুষ্ঠানত ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱা ,মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা , গোলাঘাট দক্ষিণ খণ্ড উন্নয়ন বিষয়া তমসা দাস ,ধনশিৰি মহকুমা সাংবাদিক সন্থা, সৰুপথাৰ, বৰপথাৰ আৰু উৰিয়ামঘাট প্ৰেছ ক্লাবৰ বিষয়ববীয়া, গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু চুতীয়া, সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া আৰু বিষয়-ববীয়া, ধনশিৰি চুতীয়া জাতি সন্মিলনৰ সভাপতি অচ্যুত শইকীয়া, সাধাৰণ সম্পাদক ৰেৱ চুতীয়া,আৰু বিষয়ববীয়া,ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া, সাধাৰণ সম্পাদক ৰক্তিম হাজৰিকা, আৰু বিষয়ববীয়া, বৰপথাৰ আৰু সৰুপথাৰ পৌৰসভাৰ পৌৰপতি ক্ৰমে সঞ্জীৱ বৰুৱা ,উষা আগৰৱালা ,বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সদস্য প্ৰদীপ স্বৰ্গীয়াৰী ,সদৌ চুতীয়া মহিলা সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী অলি চুতীয়া আৰু চুতীয়া উন্নয়ন পৰিষদৰ সদস্য ক্ৰমে দিবাকৰ বৰা, বন্ধু বৰ মাধুৰ্য শইকীয়াকে ধৰি বহু কেইজন ব্যক্তি, ছাত্ৰ -ছাত্ৰী , অভিভাৱক,আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.