Daily Time Axom

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজনকৈ যুৱক

45

নিউজ ডেস্ক, ২১ জুনঃ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। ছুইফট বাহন আৰু ডাম্পাৰৰ সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ গ’ল দুজনকৈ যুৱকৰ। নিহত যুৱকদ্বয় ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন। দুৰ্ঘটনাত আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুন সোণোৱালক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। AS04W 5855 নম্বৰৰ শদিয়াৰ দিশৰ পৰা আহি থকা এখন ছুইফট বাহনে মাকুমৰ দিশৰ পৰা আহি থকা এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Comments are closed, but trackbacks and pingbacks are open.