উত্তৰাখণ্ডৰ ৬০০ মিটাৰ দ খাৱৈত গাড়ী বাগৰি পৰে ১০জনৰ মৃত্যু

উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা।

৬০০ মিটাৰ দ খাৱৈত বাগৰি পৰে গাড়ী এখন। গাড়ীখনৰ চালকসহ দহজন যাত্ৰীৰ মৃত্যু হয়। উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ মুনছয়াৰী অঞ্চলৰ সমীপৰ হোকাৰা গাঁৱত বৃহস্পতিবাৰে পুৱা এখন বাহন খাৱৈত বাগৰি পৰে বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতে আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্মী বাহনখনৰ ওচৰ পায়গৈ। গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে দহটা মৃতদেহ। নিহত লোকসকল একেটা পৰিয়ালৰ সদস্য বুলি সন্দেহ কৰা হৈছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।

নিহতসকলৰ ভিতৰত নিশা সিং (২৪), উমেদ সিং (২৮), কিষেন সিং (৬৫), ধৰ্ম সিং (৬৯), কুন্দন সিং (৫৮), শংকৰ সিং (৪০), সুন্দৰ সিং (৩৭)। ৬৪), ডান সিং আৰু গাড়ী চালক মহেশ সিং (৪০)। নিহতসকলৰ ভিতৰত ৭ জন সামা গাঁৱৰ। তিনিজন মানুহৰ ঘৰ ভানা গাঁৱত।

জানিব পৰা মতে তেওঁলোক বাগেশ্বৰ জিলাৰ পৰা হোকাৰাৰ কোকিলা দেৱী মন্দিৰলৈ গৈ আছিল। অৱশ্যে এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া নিশ্চিতভাৱে ক’ব পৰা নাই আৰক্ষী প্ৰশাসনে। তদন্ত অব্যাহত আছে। স্থানীয় গাঁওবাসীয়ে জনোৱা মতে, আগৰ নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পথৰ অৱস্থা অতি বেয়া। তাৰ বাবেই হয়তো দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি তেওঁলোকৰ বিশ্বাস।

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment