প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰণি জনোৱা হয় হোৱাইট হাউছত। ১৯টা গান চেলুট দিয়া হ’ল তেওঁক। দুয়োখন দেশৰ জাতীয় সংগীত বজাই তাত। মোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্ব শান্তিৰ বাবে একেলগে কাম কৰিব।
মোডীয়ে কয়- “ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।” দুয়োখন দেশৰ সংবিধানৰ আৰম্ভণি হয় ‘আমি জনসাধাৰণ’ বাক্যাংশৰ পৰা। দুয়োখন দেশেই নিজৰ বৈচিত্ৰ্যক লৈ গৌৰৱ অনুভৱ কৰিছে। কৰ’ণাৰ পিছৰ যুগত বিশ্বই নতুন ৰূপ লৈছে। বিশ্ব কল্যাণ, বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবে আমি একেলগে কাম কৰিবলৈ একত্ৰিত হৈছো।”
ইফালে বাইডেনে মোডীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কয় যে, ‘মই উপ-ৰাষ্ট্ৰপতি হোৱাৰ পৰাই আমি একেলগে বহু সময় কটালোঁ। আৰু মই ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমি সত্যৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ়ি তুলিলোঁ। এই মুহূৰ্তত বিশ্বৰ পৰিস্থিতিলৈ চালে ভাৰত আৰু আমেৰিকাৰ বাবে একেলগে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ।”
ইফালে আমেৰিকাৰ প্ৰথা অনুসৰি মোডীক গাৰ্ড অৱ অনাৰ দিয়া হৈছিল। ভাৰত আৰু আমেৰিকাৰ পতাকা লৈ আমেৰিকাৰ সৈন্যই পেৰেড কৰিছিল। মোডীৰ ভ্ৰমণৰ পূৰ্বে তেওঁলোকৰ পেৰেডৰ আখৰাৰ ভিডিঅ’ মুকলি কৰা হৈছিল। হোয়াইট হাউছত গীতৰ চেলুটেৰে আদৰণি জনোৱা হয় মোডীক।