স্পেইনত নাও ডুবি ৩৯ জন শৰণাৰ্থীৰ মৃত্যুৰ আশংকা

স্পেইনৰ কেনেৰী দ্বীপপুঞ্জলৈ যোৱাৰ পথত শৰণাৰ্থী কঢ়িয়াই অনা এখন নাও ডুবে।

আশংকা কৰা হৈছে যে কমেও ৩৯ জন লোকৰ মৃত্যু হৈছে।

বুধবাৰে স্পেইনৰ কেনেৰী দ্বীপপুঞ্জ অভিমুখী এখন ডিংগি নাও ডুবি ৩০ জনতকৈ অধিক শৰণাৰ্থীৰ মৃত্যুৰ আশংকা কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে। একে সময়তে প্ৰব্ৰজনৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংগঠন দুটাই স্পেইন আৰু মৰক্কোক সমালোচনা কৰে যে বিপদত পৰা যাত্ৰীক উদ্ধাৰৰ বাবে আগতে হস্তক্ষেপ কৰা নাছিল।

ৱাকিং বৰ্ডাৰছ আৰু এলাৰ্ম ফোন নামৰ দুটা সংগঠনে কেনেৰী দ্বীপপুঞ্জলৈ যোৱাৰ পথত শৰণাৰ্থী কঢ়িয়াই অনা নাও এখন ডুব যোৱাৰ কথা পোহৰলৈ আনিছিল। স্পেইনৰ সংস্থা ৱাকিং বৰ্ডাৰছ, যাক কেমিনাডো ফ্ৰন্টিয়াৰ্ছ বুলিও কোৱা হয়, প্ৰব্ৰজনকাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰে।

দুয়োটা সংস্থাই জনোৱা মতে, ডুব যোৱা ডিংগীখনত প্ৰথমে ৬০ জন লোক আছিল। কিন্তু স্পেইন বা মৰক্কো কৰ্তৃপক্ষই ডুব যোৱা নাওখনত কিমানজন লোক আছিল বা কিমানজন নিৰুদ্দেশ হ’ব পাৰে সেই কথা সঠিকভাৱে নিশ্চিত কৰিব পৰা নাই।

Daily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment