Daily Time Axom

ৰহাৰ খলিহামাৰীত গৰু চোৰৰ বাহনৰ খুন্দাত নিহত এহাল দম্পতী

44

নিউজ ডেস্ক, ২২ জুনঃ ৰহাৰ খলিহামাৰীত গৰু চোৰৰ বাহনৰ খুন্দাত নিহত এহাল দম্পতী। এঘৰ লোকৰ পৰা গৰু চোৰ কৰি পলায়নৰ চেষ্টা কৰোতেই সংঘটিত দুৰ্ঘটনা।
ৰাইজে বাহনখন ৰখাবলৈ চেষ্টা কৰোতেই মহটিয়াই নিয়ে দম্পতীক। তাৰপাছতেই দ খাৱৈত বাগৰি পৰে চোৰৰ বাহনখন। নিহত দম্পতীৰ নাম ভদ্ৰেশ্বৰ নাথ আৰু সীমা দেৱী।

দুৰ্ঘটনাৰ পিছতেই পলায়ন কৰে চোৰ দুটাই। হাবিত লুকাই থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰে আন দুটা চোৰক। আনহাতে আন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে আন ৩টা চোৰে। উত্তেজিত ৰাইজে খাইৰুল ইছলাম নামৰ চোৰটোক উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক।আনহাতে ৰহাৰ কামগাঁৱৰ পৰা নাজিৰ হুছেইন নামৰ আন এটা চোৰক কৰায়ত্ত কৰে। বৰ্তমানেও পলাতক আন দুটা চোৰ।

Comments are closed, but trackbacks and pingbacks are open.