নিউজ ডেস্ক, ২২ জুনঃ আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী। উখল-মাখল গুৱাহাটীৰ নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধাম। ২২ জুনৰ নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ২৬ জুনত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।
অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো দুৱাৰ অহা ২৬ জুনত খোলা হ’ব। অম্বুবাচীৰ সময়ছোৱাত নীলাচল পাহাৰত থকা কামাখ্যা দেৱালয়লৈ দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হৈছে।
Comments are closed, but trackbacks and pingbacks are open.