আজি পাটনাত বিৰোধীৰ বৈঠক।
পাটনা বৈঠকত প্ৰথমে প্ৰস্তাৱ দিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁৰ কথা মতেই, আজি বিহাৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ সৈতে নীতিশ কুমাৰে বৈঠকত মিলিত হৈছে। তৃণমূল কংগ্ৰেছৰ সুপ্ৰিমো মমতা বেনাৰ্জীয়ে কালি বৈঠকৰ বাবে বিহাৰলৈ যায়। সূত্ৰ অনুসৰি আজিৰ বৈঠকত বিজেপিক পৰাস্ত কৰাৰ কৌশলৰ পৰা আৰম্ভ কৰি বিৰোধী মিত্ৰজোঁটলৈকে সকলো কথা আলোচনা কৰা হ’ব। ইফালে মমতা বেনাৰ্জীয়ে ‘এজন প্ৰাৰ্থীৰ বিপৰীতে এজন’ সূত্ৰৰ ওপৰত জোৰ দিছে। তেওঁ ক’লে যে মই ১:১ৰ সূত্ৰটো দিছো, আশাকৰোঁ সকলোৱে ইয়াৰ ওপৰত একমত হ’ব। কিন্তু সভাৰ আলোচনাই মূল কথা।
সভাৰ বাবে পুৱাৰে পৰা পূৰ্ণগতিত প্ৰস্তুতি চলি আছে। ইতিমধ্যে বিহাৰত উপস্থিত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে। বিৰোধী বৈঠকৰ পূৰ্বে খৰ্গে কয় যে বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দি কেন্দ্ৰত গেৰুৱা শিবিৰৰ শাসনৰ অন্ত পেলাব বিচাৰে। উদ্ধৱ থাকৰে, শৰদ পাৱাৰে সভাত অংশগ্ৰহণৰ বাবে পাটনালৈ ৰাওনা হয়।