থাইলেণ্ডৰ দক্ষিণ চুম্ফন প্ৰদেশত হাজাৰ হাজাৰ মৃত মাছ ঢৌৰ বাবে সাগৰৰ পাৰত জমা হৈছে। প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল মৰা মাছেৰে আবৃত হৈ পৰিছে। বিশেষজ্ঞসকলে এতিয়া এই পৰিঘটনাৰ বাবে জলবায়ু পৰিৱৰ্তনক দোষাৰোপ কৰিছে।
বিশেষজ্ঞসকলৰ মতে সাগৰত ‘প্লাংকটন ফুল’ৰ বাবেই এই হাজাৰ হাজাৰ মাছৰ মৃত্যু হৈছে। কাছেচেটছাৰ্ট বিশ্ববিদ্যালয়ৰ মীন অনুষদৰ উপ-ডীন থন থামৰংগনাৱাছাৱাটে কয় যে প্লাংকটন ফুল ফুলাটো এক প্ৰাকৃতিক পৰিঘটনা যাৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ কমি যায়। ফলত অক্সিজেনৰ অভাৱত মাছৰ মৃত্যু হয়।
তেওঁ লগতে কয় যে প্ৰবালৰ খহনীয়াৰ পৰা আৰম্ভ কৰি প্লাংকটন ফুললৈকে কেইবাটাও প্ৰাকৃতিক পৰিঘটনা আছে যিয়ে পানীত থকা অক্সিজেন হ্ৰাস কৰিব পাৰে। লাখ লাখ বছৰ ধৰি এনেকুৱা হৈ আহিছে। কিন্তু জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ বাবে এই প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। ফলত পানীত থকা অক্সিজেন ভয়ংকৰ মাত্ৰালৈ হ্ৰাস পায় আৰু মাছবোৰৰ মৃত্যু হয়।