Daily Time Axom

দুবছৰীয়া পুত্ৰই গুলীয়াই হত্যা কৰিলে গৰ্ভৱতী মাতৃ আৰু গৰ্ভস্থ সন্তানক

0 63

আমেৰিকাৰ অহাইঅ’ৰ নৰ্ৱাকত সংঘটিত এক মৰ্মান্তিক ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু।

জানিব পৰা মতে, গৰ্ভৱতী মহিলাগৰাকীক ২ বছৰীয়া সন্তানে গুলীয়াই হত্যা কৰে। গৰ্ভস্থ সন্তানৰ সৈতে ৩১ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হয়। জনা যায় ১৬ জুনৰ দিনৰ ১ বজাত এগৰাকী মহিলাই আৰক্ষীৰ জৰুৰীকালীন নম্বৰত ফোন কৰে। তেওঁ কয় যে তেওঁৰ দুবছৰীয়া পুত্ৰৰ বাবে পিঠিত গুলী লাগিছে। জানিব পৰা মতে মহিলাগৰাকী আঠ মাহৰ গৰ্ভৱতী আছিল। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীয়ে শোৱা কোঠাৰ সন্মুখৰ মাতৃ আৰু পুত্ৰক উদ্ধাৰ কৰে। পিষ্টল এটাও পৰি আছিল। মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। তেতিয়াও তেওঁৰ জ্ঞান আছিল। কিন্তু শেষত মহিলাগৰাকীৰ মৃত্যু হয়। গৰ্ভস্থ সন্তানৰো মৃত্যু হয়। আৰক্ষীয়ে তালাচী চলাই কম্পিউটাৰ ৰুমৰ পৰা ১২ জাঁই গুলী, ছটা গুলীসহ মছবাৰ্গ ১২ গেজৰ শ্বটগান আৰু এয়াৰছফ্ট ৰাইফলো উদ্ধাৰ কৰে।

Leave A Reply

Your email address will not be published.