অধ্যয়নত দেখা গৈছে যে অনিদ্ৰাই শৰীৰত বহু সমস্যাৰ সৃষ্টি কৰে।
এজন প্ৰাপ্তবয়স্কৰ বাবে দিনটোত আঠ ঘণ্টা টোপনি অতি প্ৰয়োজনীয়। যদি নাই পৰা তেন্তে মগজুৰ কাৰ্য্যক্ষমতাও কমি যাব পাৰে। হয়তো মেদবহুলতাও হ’ব পাৰে।
নীলা পোহৰৰ পৰা আঁতৰি থাকক। লেপটপ আৰু মোবাইলৰ পৰা অহা নীলা পোহৰে চকুৰ গুৰুতৰ ক্ষতি কৰে। তদুপৰি এই পোহৰে মগজুক সজাগ কৰি ৰাখে, যাৰ ফলত টোপনি পলম হয়। গতিকে শুৱাৰ এঘণ্টা আগৰ পৰা গেজেটৰ পৰা আঁতৰি থাকক।

মূৰৰ পৰা কামৰ কথা উলিয়াই লওক। শৰীৰ সুস্থ কৰি ৰাখিবলৈ পৰ্যাপ্ত জিৰণি লোৱাৰ প্ৰয়োজন। ৰাতিৰ আহাৰ খোৱাৰ আগতে অফিচৰ কাম শেষ কৰক। শুৱাৰ আগতে ধ্যান বা জিৰণি লওক।
খাদ্য খোৱাৰ পিছতে শুব নালাগে। খাদ্য হজম হ’লে শৰীৰৰ তাপ বাঢ়ে। কিন্তু এই তাপ নিৰ্গমন কমি নাথাকিলে টোপনি নাহে। গতিকে ন বজাৰ ভিতৰত অন্ততঃ ৰাতিৰ আহাৰ খোৱাৰ চেষ্টা কৰক। দুপৰীয়া কফি নাখাব। কেফেইনে টোপনিৰ ক্ষতি কৰে। লগতে নিয়মিতভাৱে কিছু ব্যায়াম কৰক। ৰাতিপুৱা খোজ কাঢ়িব। কিছু সময় ৰ’দত থকাটোও জৰুৰী।