নিউজ ডেস্ক, ২৩ জুনঃ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰীসেৱা।বান পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ। ৮৬.৩১ মিটাৰলৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰা বাবে সুৰক্ষামূলকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এক নিৰ্দেশনাও জাৰি কৰিছে।