নিউজ ডেস্ক, ২৪ জুনঃ ছিপাঝাৰ থানাৰ তদানীন্তন বিষয়া নুৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ।দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ নুৰুদ্দিন আহমেদক। বৰ্তমান বাক্সা জিলাৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল নুৰুদ্দিন আহমেদ।ছিপাঝাৰত কৰ্মৰত অৱস্থাত কৰ্তব্যত কৰা গাফিলতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াজনক।
উল্লেখ্য যে, ছিপাঝাৰ থানাৰ দায়িত্বত থকাৰ সময়ত বিভিন্ন গোচৰৰ কেচ ডায়েৰী আৰু গোচৰৰ নথি-পত্ৰসমূহ আদালতত জমা নিদি নীতি বহিৰ্ভুতভাৱে ৰাখি থৈছিল বিষয়াজনে।