Daily Time Axom

গুৱাহাটী আৰু হাজোৰ পৰা প্ৰায় ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ আৰক্ষীৰ

49

নিউজ ডেস্ক, ২৫ জুনঃ গুৱাহাটী আৰু হাজোৰ পৰা প্ৰায় ১৮ কোটি টকাৰ ড্ৰাগছ জব্দ। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই অভিযান।

এক গোপন সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত মণিপুৰৰ এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক গাড়ী, হেৰ’ইনসহ আটক কৰে। আৰক্ষীক দেখি দুষ্ট চক্ৰটোৱে পলাবলৈ লওতেই বাহনখন পাহাৰৰ পৰা বাগৰি পৰে।

অভিযানত আৰক্ষীয়ে ১০০টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ, প্ৰায় ১.৩ কি.গ্ৰা হেৰ’ইন,৯০০ গ্ৰাম ওজনৰ ৬৫টা হেৰ’ইন ভৰ্তি পেকেট জব্দ কৰাৰ লগতে ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

Comments are closed, but trackbacks and pingbacks are open.