তিনিচুকীয়াৰ লেখাপানীত বজ্ৰপাত পৰি মাতৃ আৰু কন্যাৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৫ জুনঃ তিনিচুকীয়াৰ লেখাপানীত বজ্ৰপাত পৰি মাতৃ আৰু কন্যাৰ কৰুণ মৃত্যু। তিনিচুকীয়া জিলাৰ লেখাপানীৰ তিনিহুটি গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

মৃত মহিলাগৰাকীৰ নাম মামন পাঙে(৩২) আৰু কন্যা জনমতি পাঙে(৭বছৰ)বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দিনৰ প্ৰায় ১২.২০ বজাত মহিলাগৰাকীয়ে ঘৰ মচি থকা অৱস্থাত প্ৰচণ্ড জোৰেৰে অহা বজ্ৰপাতে ঘৰৰ ভিতৰত থকা মাতৃ-কন্যাৰ গাত পৰে। ঘটনাৰ পাছতেই ঘৰৰ পৰিয়ালৰ সহযোগত আঘাতপ্ৰাপ্ত মাতৃ-কন্যাক চিকিৎসালৈ প্ৰেৰন কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু হয়। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

AssamAssamese NewsDaily time axomIndiaKilledLightningTinsukia