Daily Time Axom

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পাছতে পশ্চিমবংগৰ বাঁকোৰাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

68

নিউজ ডেস্ক, ২৫ জুনঃ পশ্চিম বংগৰ বাংকুড়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত লাইনচ্যুত হয় ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। ষ্টেচনত ৰৈ থকা এখন ৰে’লক আন এখন চলন্ত ৰে’লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত ৰে’লখনৰ ইঞ্জিনকে ধৰি কেইবাটাও দবা ধ্বংস হয়। বৰ্তমান আদ্ৰা খড়গপুৰ শাখাত ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে। ক্ষতিগ্ৰস্ত হৈছে অভাৰহেড লাইন, ক্ষতিগ্ৰস্ত হৈছে প্লেটফৰ্মৰ সৈতে চিগনেলিং ৰুম।

Comments are closed, but trackbacks and pingbacks are open.