নিউজ ডেস্ক, ২৬ জুনঃ কলহী নৈত উদ্ধাৰ অপহৃত সাংবাদিক আব্দুৰ ৰৌফৰ মৃতদেহ। শিঙিমাৰীৰ বাওমুৰাত উদ্ধাৰ হয় সাংবাদিকজনৰ মৃতদেহ। স্থানীয় লোকৰ সন্দেহ কৰা অনুসৰি আব্দুৰক প্ৰথম অৱস্থাত অপহৰণ আৰু পাছত কোনো দুৰ্বৃত্তই হত্যা কৰে। পৰৱৰ্তী সময়ত নদীত পেলাই দিয়ে মৃতদেহটো। আনহাতে আব্দুৰৰ মৃতদেহত কেইবাটাও আঘাতৰ চিন স্পষ্ট প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। বকো আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
উল্লেখ্য যে, ছয়গাঁৱৰ গৰৈমাৰীৰ পৰা শনিবাৰে অপহৃত হৈছিল সাংবাদিকজন। আব্দুৰ ৰৌফে বকোত চলাইছিল PNBৰ গ্ৰাহক সেৱা কেন্দ্ৰ। জামবাৰীস্থিত PNB গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ঘৰলৈ ওভতাৰ পথত অপহৃত হৈছিল সাংবাদিকজন।