নিউজ ডেস্ক, ২৬ জুনঃ উৰিষ্যাত শোকাৱহ বাছ দুৰ্ঘটনা। গঞ্জাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত ১২জন লোকৰ মৃত্যু, আহত হৈছে ৮জনকৈ লোক। দুখন বাছৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনাটো।আহতসকলক বঢ়মপুৰৰ এম কে চি জি চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
দেওবাৰে নিশা গঞ্জামত এখন অ’এছআৰটিচি বাছ আৰু এখন ব্যক্তিগত বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত চাৰিগৰাকী মহিলা, ২ শিশুসহ ১২ জন যাত্ৰী নিহত হোৱাৰ লগতে আন ৮ জন আহত হয়।
বঢ়মপুৰৰ এছ পি বিবেক চাৰাভানাই জনোৱা মতে, ব্যক্তিগত বাছখন দিগাপাহাণ্ডি অভিমুখে আৰু এখন অ’এছআৰটিচি বাছ ভূৱনেশ্বৰ অভিমুখী আছিল। জিলাখনৰ দিগাপাহণ্ডি খণ্ডৰ খেমুণ্ডি মহাবিদ্যালয়ৰ সমীপত মুখামুখি সংঘৰ্ষ হয়।