নিশা অম্বুবাচী নিবৃত্তিৰ পিছত খোলা হ’ল মা কামাখ্যা ধামৰ দুৱাৰ

নিউজ ডেস্ক, ২৬ জুনঃ খোল খালে মা কামাখ্যাৰ দুৱাৰ। সূৰ্যোদয়ৰ লগে লগে ভক্তৰ বাবে মুকলি হ’ল মন্দিৰৰ দুৱাৰ। চাৰিদিনৰ অন্তত পুৱা ৫ বজাত খুলি দিয়া হয় দুৱাৰ। নিবৃত্তিৰ লগে লগে পৰম্পৰাগত ৰীতিৰে দেৱীক স্নান কৰোৱা হয়। মহা অম্বুবাচী উপলক্ষে নীলাচল পাহাৰলৈ আগমন ঘটিছে দেশ, বিদেশৰ লাখ লাখ ভক্তৰ।

উল্লেখ্য যে, আজি মা কামাখ্যা মন্দিৰত দৰ্শনৰ বাবে ভি আই পি আৰু ভি ভি আই পিৰ বাবে নাই বিশেষ ব্যৱস্থা।মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৬ আৰু ২৭ জুনত সাধাৰণ ভক্তৰ দৰেই সকলোৱে মা কামাখ্যাক দৰ্শন কৰিব লাগিব।

Ambubachi MelaAssamese NewsDaily time axomGuwahatiIndiakamakhya Temple