নিউজ ডেস্ক, ২৭ জুনঃ নগাঁৱত ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। হয়বৰগাঁৱৰ চলচলিত সংঘটিত হয় এই ঘটনা। হাফিজুৰ ৰহমান নামৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি এই গুলীচালনা।
গুলী চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ইনামূল হাছান নামৰ এজন লোকক। আৰক্ষীয়ে ইনামূলক হকক ৰুৰেল কলেজৰ পৰা আটক কৰে।
হাফিজুৰ ৰহমান সোণাইঘাট প্রধানমন্ত্রী জনঔষধী কেন্দ্রৰ সমন্বয়ক আছিল।