বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা, তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জুনঃ বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু। মঙলবাৰে নিশা প্ৰায় ৮-৩০ বজাত বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত লোকজন বৰপেটাৰ হেমন্ত দাস। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন এজন কৰ্মচাৰী।

শিমলাগুৰিৰ দিশৰে দ্ৰুত বেগেৰে অহা এখন বাহনে পথৰ কাষত ৰৈ থকা দুই কৰ্মচাৰীক মহতিয়াই নিয়ে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এ এছ ০১ ডিজে ৩২৯৩।

AccidentAssamAssamese NewsBarpetaDaily time axomIndiaInjuredKilled