নিউজ ডেস্ক, ২৮ জুনঃ সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত ৰিজ’ৰ্টখনৰ বহু সামগ্ৰী। অগ্নিকাণ্ডত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে জুই নিৰ্বাপণৰ চেষ্টা কৰে। বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।
জুইত জাহ গ’ল বিয়াৰ এটা অস্থায়ী বিয়া পেণ্ডেল।এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো হিচাপ কৰা নাই যদিও প্ৰায় ৬০ ৰ পৰা ৭০ লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।
Comments are closed, but trackbacks and pingbacks are open.