নিউজ ডেস্ক, ২৯ জুনঃ ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা। ছিপাঝাৰৰ মাৰৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমালগৈ এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাৰ ফলত শিশু-মহিলাসহ গুৰুতৰভাৱে আহত হয়। আহত ১৫জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ২২গৰাকী যাত্ৰী কঢ়িয়াই মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল মা মনসা নামৰ বাছখন। দুৰ্ঘটনা সংঘটিত হোৱা বাছখনৰ নম্বৰ AS-25 AC 8699।