ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ নিয়ন্ত্ৰণ হেৰুৱাই সোমালগৈ খাৱৈত

নিউজ ডেস্ক, ২৯ জুনঃ ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা। ছিপাঝাৰৰ মাৰৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমালগৈ এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাৰ ফলত শিশু-মহিলাসহ গুৰুতৰভাৱে আহত হয়। আহত ১৫জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ২২গৰাকী যাত্ৰী কঢ়িয়াই মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল মা মনসা নামৰ বাছখন। দুৰ্ঘটনা সংঘটিত হোৱা বাছখনৰ নম্বৰ AS-25 AC 8699।

AccidentAssamAssamese NewsDaily time axomIndiaInjuredSipajhar