নিউজ ডেস্ক, ৩০ জুনঃ মক্কাৰ পৰা আহিল আন এক দুঃসংবাদ। হজলৈ গৈ আন এগৰাকী অসমৰ হজ যাত্ৰীৰ মৃত্যু। মক্কাত মৃত্যু হোৱা এই হজ যাত্ৰীগৰাকীৰ নাম মুজিবুদ্দিন আহমেদ।
মুজিবুদ্দিন আহমেদৰ ঘৰ শিৱসাগৰৰ কৰদৈগুৰিত। মুজিবুদ্দিন আহমেদ আছিল শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। সৰল আৰু উদাৰ প্ৰকৃতিৰ লোকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মক্কাত মৃত্যু হৈছিল শিৱসাগৰ, লখিমপুৰৰ হজ যাত্ৰীৰ।পূৰ্বে মক্কাত মৃত্যু হোৱা হজ যাত্ৰীগৰাকী আছিল সঞ্জীৱ বড়া। যাত্ৰীগৰাকীৰ ২৮ জুনত মক্কাত মৃত্যু হৈছিল।
ইয়াৰোপৰি মক্কাত মৃত্যু হোৱা লখিমপুৰৰ হজ যাত্ৰীগৰাকী আছিল ছফিক আহমেদ।