নিউজ ডেস্ক, ৩০ জুনঃ অৱশেষত ঘগ্ৰাপাৰ থানাৰ OC বিমান ৰয়ক বৰ্খাস্ত। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে দিলে বৰ্খাস্তৰ নিৰ্দেশ। বৃহস্পতিবাৰে বিমান ৰয়ক পলাতক ঘোষণা কৰিছিল অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে এই কথা জনায়।
পুৰস্কাৰো ঘোষণা কৰিছে থানাৰ ভিতৰতে বিবস্ত্ৰ কৰি কিশোৰীৰ ফটো লোৱা আৰক্ষী বিষয়াজনৰ সন্ধান দিওঁতালৈ।
আনহাতে, ঘগ্ৰাপাৰ থানাৰ নতুন OC ৰূপে নিযুক্ত বেলশৰ থানাৰ চক্ৰ পৰিদৰ্শক৷ পলাতক ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ স্থানত নিযুক্তি দিয়া হ’ল নিৰ্মল বিশ্বাসক৷