নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল বাছখন। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় এই ঘটনা। বাছখনত আছিল সৰ্বমুঠ ৩৩ জনকৈ যাত্ৰী।
নিহত অধিকাংশ যাত্ৰীয়ে নাগপুৰ, ৱাৰ্ধা আৰু যামতমলৰ। ঘটনাত অগ্নিদগ্ধ হৈছে ৮ জনকৈ লোক।ট্ৰায়াৰ বিস্ফোৰণৰ পাছতে ডিভাইডাৰত খুন্দা মাৰি জ্বলি উঠে বাছখন।
মহাৰাষ্টৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই দুৰ্ঘটনাত শোক প্ৰকাশ কৰে। লগতে দুৰ্ঘটনাত প্ৰাণ যোৱা মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.