নিউজ ডেস্ক, ১ জুলাইঃ আজিৰে পৰা সকলো সুৰাৰ মূল্য ৪ শতাংশৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। সেই অনুসৰি ৩৩০ টকাৰ ৭৫০ মিলিলিটাৰৰ সাধাৰণ ব্ৰেণ্ডৰ ৰামক ১০০ টকাকৈ, ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ হুইস্কি, জিন, ব্ৰেণ্ডিৰ ৰেগুলাৰ ব্ৰেণ্ডত ১২১ টকাকৈ বৃদ্ধি পাইছে।
একেদৰে ৩১০ টকাৰ ৭৫০ মিলিলিটাৰৰ লাক্সাৰি ব্ৰেণ্ডৰ ব্ৰেণ্ডি, হুইস্কি, জিনত ১৩৭ টকাকৈ, ৬৪০ টকাৰ এলিজেণ্ট ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰাম ব্ৰাণ্ডি, হুইস্কি, জিনত ১৭৫ টকাকৈ, ১০৪০ টকাৰ প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰ ৰাম, ব্ৰেণ্ডি, হুইস্কি, জিনত ২৪৮ টকাকৈ, ১০৪০ টকাৰ ক্লাছিক প্ৰিমিয়াম ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰাম, হুইস্কি, ব্ৰেণ্ডি, জিনত ৪২৭ টকাকৈ বৃদ্ধি কৰা হৈছে।
তদুপৰি এতিয়াৰে পৰা নিশা ১১ বজাতো সুৰা ক্ৰয় কৰিব পাৰিব। পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা আছিল। সেই অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।