Daily Time Axom

লুচানৰ ডাইমণ্ড লীগত ৮৭.৬৬ মিটাৰ থ্ৰোৰে সোণৰ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

46

নিউজ ডেস্ক,১ জুলাইঃ পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই৷ লুচানৰ ডাইমণ্ড লীগত ৮৭.৬৬ মিটাৰ থ্ৰোৰে সোণৰ পদক অৰ্জন কৰে নীৰজে৷

অৱশ্যে, নীৰজে খেলৰ আৰম্ভণিতে প্ৰদৰ্শন ভাল কৰা নাছিল আৰু প্ৰথম থ্ৰ’টো ফাউল আছিল। ইয়াৰপিছতে ৮৭.৬৬ মিটাৰ জেভেলিন দলিয়াই প্ৰথম স্থান লাভ কৰে।

প্ৰথম থ্ৰ’ক ফাউল বুলি কোৱাৰ পিছত তেওঁ ৮৩.৫১ আৰু ৮৫.০৪ মিটাৰ জেভেলিন দলিয়াইছিল। শেষত নীৰজে ৮৭.৬৬ মিটাৰ থ্ৰ’ৰে সৰ্বশ্ৰেষ্ঠ প্ৰদানেৰে স্বৰ্ণ পদক জয় কৰিছিল।

Comments are closed, but trackbacks and pingbacks are open.