অশান্ত ফ্ৰান্সত নিশা ১৩০০ লোকক গ্ৰেপ্তাৰ

এজন কিশোৰক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত সমগ্ৰ ফ্ৰান্সত বিয়পি পৰে প্ৰতিবাদ।

দেশৰ কেইবাখনো চহৰত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হয় সংঘৰ্ষ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেশৰ আৰক্ষীয়ে ব্যাপক দমন অভিযান আৰম্ভ কৰিছে। শুকুৰবাৰে নিশা ১৩০০ৰো অধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ফ্ৰান্সৰ ৰাজপথ এতিয়াও গৰম। এই উপলক্ষে এদল লোকে বিভিন্ন শ্বপিং মল আৰু বজাৰত লুণ্ঠন আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। প্ৰতিবাদৰ চতুৰ্থ নিশা ১৩৫০ৰো অধিক গাড়ী জ্বলাই দিয়া হয়।

ফ্ৰান্সৰ স্বৰাজ মন্ত্ৰালয়ে জনোৱা মতে, ৰাজপথত ২৬৫০টা অগ্নিসংযোগ ঘটনা সংঘটিত হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শুকুৰবাৰে নিশা ফ্ৰান্সে বিশেষ আৰক্ষী ইউনিটকে ধৰি প্ৰায় ৪৫ হাজাৰ বিষয়া নিয়োগ কৰে। ফ্ৰান্সৰ কৰ্তৃপক্ষইও ৩১টা আৰক্ষী থানাত আক্ৰমণ চলোৱাৰ বাতৰি প্ৰকাশ কৰিছে।

শনিবাৰে পুৱা ফ্ৰান্সৰ স্বৰাজ মন্ত্ৰী জেৰাল্ড দৰ্মানাই কয় যে শুকুৰবাৰে নিশা ১৩১১ জন লোকক আটক কৰা হৈছে। উত্তেজনা আৰম্ভ হোৱাৰ পিছত এইটোৱেই আটাইতকৈ ডাঙৰ ধৰা।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই পৰ্যন্ত তিনি হাজাৰৰো অধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment