ধাৰাসাৰ বৰষুণৰ ফলত ৪৮ ঘন্টাত গুজৰাটত ৯ জন লোকৰ মৃত্যু

ধাৰাসাৰ বৰষুণত বুৰিছে গুজৰাট।

ধাৰাসাৰ বৰষুণৰ ফলত জিলাসমূহত সৃষ্ট হৈছে বান সদৃশ পৰিস্থিতি। প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা দুদিনত ৰাজ্যজুৰি বৰষুণৰ ফলত ৯ জন লোকৰ মৃত্যু হৈছে। বহু লোক আহত হয়।

কুচ, জামনগৰ, জুনাগধ, নৱসাৰীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ একাধিক দল মোতায়েন কৰা হৈছে। যোৱা ২৪ ঘন্টাত হোৱা প্ৰবল বৰষুণৰ বাবে জিলাখনৰ নিম্নভূমি অঞ্চল প্লাৱিত হৈ পৰিছে। বহু গাঁৱত বান পৰিস্থিতি। আহমেদাবাদৰ পথত পানী জমা হোৱাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

মৌসম ভৱনৰ মতে, শনিবাৰৰ পৰা বৰষুণৰ পৰিমাণ হ্ৰাস পাব। বুধবাৰলৈকে ৰাজ্যখনৰ ওপৰত সিঁচৰতি হৈ লঘুৰ পৰা মধ্যমীয়া বৰষুণ হ’ব।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment