ৰাষ্ট্ৰ ভাষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা কিমান ,সেই কথা আজি আমি দেখুৱাম । ৰাজ্যৰ একমাত্ৰ হিন্দি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আৰম্ভ হ’ব নেকি পুণৰ পাঠদান ।
হয় ,উত্তৰ গুৱাহাটী ৰজাদূৱাৰ স্থিত হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পাঠদান এবছৰৰ বাবে পুণৰ আৰম্ভ হব । অধ্যয়নৰত শিক্ষক গোটে ন্যায়ালয়ত তৰা গোছৰমৰ্মে আধৰুৱা পাঠ্যক্ৰম সমাপ্তৰ বাবে এবছৰলৈ হ’ব মুকলি । অহা ১৭ জুলাইৰ পৰা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হব । যি কথা কবলৈ অস্বিকাৰ কৰিও কলে মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মণিদ্বীপা বৰুৱাই । ২০১৪চনতে মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ যো- জা চলা মহাবিদ্যালয়খন ২০১৯ চনত বন্ধ হৈ পৰিছিল পাঠদান । NCTEৰ গাইডলাইন অমান্য হোৱা বাবেই মহাবিদ্যালয় স্বীকৃতি বাতিল হৈ পৰিছিল । যাৰ বাবে বহু হিন্দী শিক্ষকে আধাতে সামৰিছিল শিক্ষা গ্ৰহণ। ১৯৬৯ চনত মুকলি হোৱা হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালৰ স্বীকৃতি পুণৰ মঞ্জুৰ হবনে ?