মহাৰাষ্ট্ৰত মহা নাটক।
বিদ্ৰোহী অজিত পাৱাৰ। অজিত পাৱাৰে ৮ জন বিধায়ক লৈ দল ত্যাগ কৰি এন ডি এৰ লগত হাত মিলালে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে। এনে পৰিস্থিতিত সোমবাৰে কংগ্ৰেছৰ হৈ কে চি ভেনুগোপালে কয় যে বিৰোধী মিত্ৰজোঁটৰ বৈঠক ১৭ আৰু ১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ’ব। পাটনাৰ বৈঠকত উপস্থিত থকা সকলো ৰাজনৈতিক দলকে কংগ্ৰেছে আমন্ত্ৰণ জনাইছে। ইয়াৰ পূৰ্বে ১৩ আৰু ১৪ জুলাইত বেংগালুৰুত বিৰোধী বিজেপি দলৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ’ব বুলি সহমতত উপনীত হৈছিল। শৰদ পাৱাৰে নিজেই ঘোষণা কৰিছিল এই তাৰিখ। কিন্তু দেওবাৰে তেওঁৰ শিবিৰত ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হয়। কংগ্ৰেছৰ এই ঘোষণাৰ পিছত। ইয়াৰ পূৰ্বে ২৩ জুনত পাটনাত বিৰোধী বিজেপি দলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত তৃণমূলকে ধৰি কেইবাটাও বিৰোধী দল উপস্থিত থাকে। ইয়াৰ পিছত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে সভাৰ নতুন তাৰিখ ঘোষণা কৰে। কিন্তু তেওঁৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে সোমবাৰে কংগ্ৰেছে খৰখেদা বিৰোধী মিত্ৰজোঁটৰ বৈঠকৰ দিন ঘোষণা কৰে।