নিউজ ডেস্ক, ৩ জুলাইঃ অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ! ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে বোকাখাতৰ উমা ছেত্ৰীয়ে। ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসম সন্তান উমা ছেত্ৰী। BCCIয়ে ঘোষণা কৰিছে ক্ৰিকেটাৰগৰাকীৰ নাম। T20 আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে উমা ছেত্ৰী। ভাৰতীয় দলত তেওঁ প্ৰথমখন খেল বাংলাদেশত খেলিব। দেশখনত T20 আৰু এদিনীয়া ক্ৰিকেট খেল ৯ জুলাইৰ পৰা অনুষ্ঠিত হ’ব।
কান্ধুলিমাৰী গাঁৱৰ লোক বাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ কন্যা উমাৰ এই সাফল্যত এতিয়া গাঁওবাসীৰ মাজত উঠিছে আনন্দৰ জোৱাৰ।
Comments are closed, but trackbacks and pingbacks are open.