নিশা কচুৱাৰ সোণাৰুগুৰিত বৰযাত্ৰীক আক্ৰমণঃ দুৰ্বৃত্তই কাঢ়ি নিলে অলংকাৰ, নগদ ধন

নিউজ ডেস্ক, ৩ জুলাইঃ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত বৰযাত্রীৰ ওপৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। নিশা বিয়া ঘৰৰ পৰা বৰযাত্রীসকলে উভতাৰ পথত কচুৱাৰ সোনাৰুগুৰিৰ দলঙত চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে গাড়ী ৰখাই বাক বিতণ্ডা আৰু পিছত মাধৱপাৰাৰ চিৰাজুল ইছলাম, শ্বাহকামাল,দিলদাৰ হুছেইন, আব্দুৰ ৰো, মজিবুৰ ৰহমানক আক্ৰমণ কৰি সোনৰ আ অলংকাৰ আৰু ২০ হাজাৰ টকা কাঢ়ি নিয়া বুলি জানিব দিছে ভুক্তভোগীসকলে।

ঘটনা সম্পৰ্কত নিশাই কচুৱা থানাত এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনায় ভুক্তভোগীসকলে। দুৰ্বৃত্তৰ দলটোত বাহাৰুল ইছলাম, কুদ্দুজ আলী, আকতাৰুল ইছলাম নামৰ তিনিজনক চিনাক্ত কৰি এজাহাৰ দাখিল কৰে ভুক্তভোগীসকলে।

AssamAssamese NewsDaily time axomIndiaNagaonNagaon Police