Daily Time Axom

পুৱাই প্ৰধানমন্ত্ৰীৰ দিল্লীৰ বাসগৃহৰ ন’ ফ্লাইং জ’নত উৰিল ড্ৰোন

199

নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওপৰত পৰিলক্ষিত হ’ল ড্ৰোণ। নিৰাপত্তীৰক্ষীয়েও এই বিষয়ে একো তথ্য লাভ কৰা নাই। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱন ন’ফ্লাইং জ’নৰ অন্তৰ্গত। এই অঞ্চলৰ ওপৰেদি কোনেও বিমান অথবা ড্ৰোণ উৰুৱাব নোৱাৰে। কিন্তু তাৰ পাছতো কেনেকৈ আৰু কোনে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওপৰত ড্ৰোণ উৰুৱালে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ ফালৰ পৰা দিল্লী আৰক্ষীক ড্ৰোণ উৰাৰ খবৰ দিয়া হয়। ইয়াৰ পিছতে নৰেন্দ্ৰ মোদীৰ বাসভৱনত উপস্থিত হয় দিল্লী আৰক্ষী।

Comments are closed, but trackbacks and pingbacks are open.