নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই এক দুঃখবৰ! বিশিষ্ট সংগীত শিল্পী সুদক্ষিণা শৰ্মা আৰু নাই। আজি পুৱা ৮.২৫ বজাত GMCHত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। সুদক্ষিণা শৰ্মা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী তথা প্ৰয়াতগীতিকাৰ-সুৰকাৰ-সংগীত শিল্পী দিলীপ শৰ্মাৰ পত্নী আছিল সুদক্ষিণা শৰ্মা।
১৯৩৪ চনৰ ৮ আগষ্টত জন্মগ্ৰহণ কৰা সুদক্ষিণা শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৯ বছৰ।সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত, সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা।
যশস্বী শিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ অসমৰ সংগীত ক্ষেত্ৰৰ লগতে সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে।
বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। টুইটযোগে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Comments are closed, but trackbacks and pingbacks are open.