এইবাৰ ইডিয়ে অনিল আম্বানীৰ পত্নী টিনাক চমন জাৰি কৰিছে

সোমবাৰে ইডিয়ে মাতি আনিছিল উদ্যোগপতি অনিল আম্বানীক।

বৈদেশিক মুদ্ৰা আইন উলংঘা কৰাৰ অভিযোগত সোমবাৰে অনিলক জেৰা কৰে বলবৎকাৰী সঞ্চালকালয়ে। মঙলবাৰে ইডিয়ে একেটা গোচৰতে পত্নী টিনা আম্বানীক চমন কৰে। মঙলবাৰে তেওঁ দক্ষিণ মুম্বাইৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হয়। ইফালে সোমবাৰে পুৱা প্ৰায় ১০ বজাত ইডিৰ কাৰ্যালয়ত হাজিৰ হয় অনিল আম্বানী। দীঘলীয়া জেৰাৰ অন্তত তেওঁৰ বক্তব্যও লিপিবদ্ধ কৰা হয়। জনা গৈছে যে তেওঁৰ বিৰুদ্ধে ফেমাৰ অধীনত অভিযোগ আছে। বিদেশী মুদ্ৰাৰ ব্যৱহাৰৰ নিয়ম উলংঘাৰ অভিযোগ উত্থাপন হ’লে এই আইন বলবৎ কৰা হয়। সূত্ৰ অনুসৰি, আম্বানীৰ কোম্পানীত বিনিয়োগৰ সময়ত ফেমাৰ দফা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় তেওঁৰ পত্নী তথা বলীউডৰ প্ৰাক্তন অভিনেত্ৰী টিনা আম্বানী।
প্ৰসংগক্ৰমে অনিলৰ বিৰুদ্ধে ৪২০ কোটি টকাৰ বিনিয়োগত কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু বম্বে উচ্চ ন্যায়ালয়ৰ ৰায়ত সকাহ পালে অনিল আম্বানীয়ে। ইয়াৰ পূৰ্বে ২০২০ চনতো অনিলক ইডিৰ জেৰা কৰিছিল। য়েছ বেংকৰ পুঁজি আত্মসাৎৰ গোচৰত জড়িত আছিল অনিল আম্বানীৰ নাম।

AssamDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment