Daily Time Axom

মহিলাৰ বাবে বিউটি পাৰ্লাৰ নিষিদ্ধ

0 43

আফগানিস্তানৰ তালিবান চৰকাৰৰ মহিলাৰ বিৰুদ্ধে নতুন নিয়ম। এইবাৰ দেশখনৰ চৰকাৰে ৰাজধানী কাবুলকে ধৰি সমগ্ৰ দেশতে মহিলাৰ দ্বাৰা পৰিচালিত বিউটি পাৰ্লাৰ (বিউটি চেলুন)ত নিষেধাজ্ঞা জাৰি কৰিছে। তালিবান চৰকাৰৰ নৈতিকতা আৰু মূল্যবোধ মন্ত্ৰালয়ৰ মুখপাত্ৰ মহম্মদ আকিফ মহাজাৰে ট’লো এই তথ্য জনাইছে।

এই নতুন আইনখন দেশৰ পৌৰসভাসমূহতো কাৰ্যকৰী কৰাৰ নিৰ্দেশ দিয়া হৈছে। মহিলাৰ দ্বাৰা পৰিচালিত বিউটি চেলুনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈ মন্ত্ৰালয়ে কাবুল পৌৰসভাক নিৰ্দেশ দিছে।

মেকআপ আৰ্টিষ্ট ৰাইহান মুবাৰীজে জনোৱা মতে, পুৰুষৰ এতিয়া কোনো চাকৰি নাই। পাৰিবাৰিক দায়িত্ব পালন কৰিব নোৱাৰা অৱস্থা।

২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানত তালিবান কৰ্তৃপক্ষই ক্ষমতা দখল কৰিছিল। ইয়াৰ পিছতে তালিবানে ছোৱালী আৰু মহিলাক স্কুল, বিশ্ববিদ্যালয়ত পঢ়া আৰু এন জি অ’ত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Leave A Reply

Your email address will not be published.