Daily Time Axom

মাংস খোৱাৰ আগতে কি কি জানি লোৱাটো গুৰুত্বপূৰ্ণ

0 41

অবিৰতভাৱে মাংস সেৱন কৰিলে স্বাস্থ্যজনিত বিপদৰ সৃষ্টি হ’ব পাৰে।

সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে সপ্তাহত দুদিন ৰঙা মাংস খালে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নহয়। কিন্তু ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ, বৃক্কৰ জটিলতা আদি ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে মাংস খাব লাগে।

হৃদৰোগ বা উচ্চ তেজৰ কলেষ্টেৰল থকা লোকে ৰঙা মাংস কমকৈ খাব লাগে।

যিসকলৰ মেদবহুল, তেওঁলোকৰ ওজন বেছি হ’লে সীমিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব লাগে। কিন্তু কোনেও দিনটোত ৭০ গ্ৰামতকৈ বেছি মাংস খাব নালাগে।

প্ৰতি আহাৰত ১৫ গ্ৰাম, ২৫ গ্ৰাম বা দুইৰ পৰা তিনি টুকুৰা মাংসহে খাব লাগে।


ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত নিয়ম মানি চলক-

  • দৃশ্যমান চৰ্বি আঁতৰাই ৰান্ধিব। কম তেল দি ৰান্ধিব। তীব্ৰ জুইত সিজাব।
  • মাংস ৰান্ধি থাকোঁতে ভিনেগাৰ, টেঙা দৈ, পেঁপাৰ পেষ্ট, নেমুৰ ৰস আদি ব্যৱহাৰ কৰিব পাৰে। চৰ্বিৰ ক্ষতিকাৰক প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস হয়।

*প্ৰতিসাজ আহাৰৰ লগত নেমু, টমেটো আদি চালাড ৰাখিব লাগে।

*খোৱাৰ কিছু সময়ৰ পিছত নেমুৰ পানী বা টেঙা দৈ খালে হজম শক্তিত সহায় হয়।

সতৰ্কবাণী

সাধাৰণতে এজন সুস্থ ব্যক্তিয়ে সপ্তাহত দুদিন ৰঙা মাংস খালে কোনো ধৰণৰ জটিলতাৰ সৃষ্টি নহয়। কিন্তু ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ, বৃক্কৰ জটিলতা আদি অন্য ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ মতে মাংস গ্ৰহণ কৰিব।

Leave A Reply

Your email address will not be published.