৮০ বছৰীয়া ভিয়েটনামী নাক থাই এনগক, যি এবছৰ বা দুবছৰ নহয় ৬০ বছৰ ধৰি শুৱা নাই। তেওঁ দাবী কৰিছে যে তেওঁ ৬০ বছৰত এদিনো শুৱা নাই। তেওঁৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াই কেতিয়াও শুৱা থকা দেখা নাছিল।
টাইমছনিউজে প্ৰকাশ কৰা অনুসৰি এসময়ত নাক থাই এনগকৰ শিশু অৱস্থাত তীব্ৰ জ্বৰ হৈছিল। আৰু তেতিয়াৰ পৰা এই ব্যক্তিজনে চকু দুটা মুদিব পৰা নাই। ১৯৬২ চনৰ পৰা তেওঁ এনেকৈ নুশুৱাকে আছে। ইয়াৰ বাবে তেওঁ বহু চিকিৎসকৰ ওচৰলৈকো গৈছে। বহু পৰীক্ষা কৰাও হৈছে। কিন্তু ক’তো একো ফল ধৰা নগ’ল। নাক থাই এনগক অবিৰতভাৱে অনিদ্ৰাত ভুগিছে। এই সন্দৰ্ভত থাইয়ে কয় যে তেওঁ গোটেই দিনটো গ্ৰীণ টি আৰু ৰাইচ ৱাইন খায়। আৰু সেইটোৱেই তেওঁক শক্তি দিয়ে।
আমেৰিকাৰ ভিয়েটনাম আক্ৰমণৰ সময়ত তেওঁৰ বাহু এটা হেৰুৱাইছিল। ১৯৫৫ চনৰ পৰা ১৯৭৫ চনলৈকে চলি থকা যুদ্ধত ভিয়েটনামৰ হাতত পৰাস্ত হৈছিল আমেৰিকা। কিন্তু যুদ্ধৰ ভয়াবহতাৰ মাজেৰে থাইয়ে যি আঘাতৰ মাজেৰে পাৰ হৈছিল, তাৰ পৰা তেওঁ ওলাই আহিব নোৱাৰিলে।