Daily Time Axom

ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত প্ৰায় ৪০জনকৈ যাত্ৰী

59

নিউজ ডেস্ক, ৪ জুলাইঃ চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰিল যাত্ৰীবাহী এখন আল্ট্ৰা বাছ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় ৪০জনকৈ যাত্ৰী।

আহতসকলক প্ৰথমাৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইয়াৰে কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS- 25BC-1860।

Comments are closed, but trackbacks and pingbacks are open.