নিউজ ডেস্ক, ৪ জুলাইঃ জনতাৰ মূৰত আন এক মাধমাৰ! পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৭ টকাকৈ বৃদ্ধি। দিল্লীত ইয়াৰ খুচুৰা মূল্য ১,৭৭৩ টকাৰ পৰা ১,৭৮০ টকালৈ বৃদ্ধি হৈছে।
একেৰাহে তিনিবাৰ মূল্য হ্ৰাসৰ পিছত বাণিজ্যিক এলপিজিৰ মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ মূল্য এপ্ৰিল, মে আৰু জুনত হ্ৰাস কৰা হৈছিল।অৱশ্যে বৃদ্ধি হোৱা নাই ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম।