Daily Time Axom

আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

43

নিউজ ডেস্ক, ৪ জুনঃ আজি গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় । মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটোত ২০১১ জন স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷

আজি মহানগৰীত কেতবোৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। জালুকবাৰীৰ পৰা মহানগৰীত গধুৰ, বাণিজ্যিক বাহনৰ প্ৰৱেশত বাধা। পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ থাকিব এই নিষেধাজ্ঞা । ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো গধুৰ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে । DG ৰোড, MG ৰোডত বাণিজ্যিক যান-বাহন চলাচলত নিষেধাজ্ঞা। AT ৰোডতো সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা । আনহাতে জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত দিয়া হৈছে ৰেহাই।

Comments are closed, but trackbacks and pingbacks are open.