ঐতিহাসিক সৰভোগ বিধানসভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত সৰভোগ বিশাল জনসভা

ঐতিহাসিক ৪০ সৰভোগ বিধান সভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত,আজি সৰভোগৰ গান্ধীভৱন প্ৰাংগণত অসম জাতীয় পৰিষদ,ৰাইজৰ দ’ল,ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চিপিআই(এম)ৰ আহ্বানত এখন বিশাল জনসভা অনুষ্ঠিত হয়,এই বিশাল জনসভাত-অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ,ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ,বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন,সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ,সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস,সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আদি উপস্থিত থাকে৷

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment