চীন ভ্ৰমণৰ বিৰুদ্ধে নাগৰিকক সকীয়াই দিছে আমেৰিকাই

যোৱা শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে চীন ভ্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ নাগৰিকসকলৰ বাবে নতুন সতৰ্কবাণী জাৰি কৰিছিল।

‘অন্যায়ভাবে’ আটক হোৱাৰ আশংকাত চীন ভ্ৰমণৰ বিৰুদ্ধে নাগৰিকক সকীয়াই দিছে আমেৰিকাই।

অৱশ্যে চীন ভ্ৰমণ সন্দৰ্ভত ইতিমধ্যে আমেৰিকাত সতৰ্কবাণী দিয়া হৈছে। মূল চীনক স্তৰ ৩: ভ্ৰমণ পুনৰ বিবেচনাৰ গন্তব্যস্থান হিচাপে তালিকাভুক্ত কৰা হৈছে। দেশৰ স্থানীয় আইন স্বেচ্ছাচাৰীভাৱে বলবৎ কৰাৰ আশংকাৰ বাবেই যোৱা মাৰ্চ মাহত এই সতৰ্কবাণী জাৰি কৰা হৈছিল।

বিদেশ মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে চীন চৰকাৰে অন্যায়ভাৱে আটক কৰাৰ “এই প্ৰথাত নিয়োজিত” হোৱাৰ বাবেই আমেৰিকাৰ নাগৰিকসকলক অন্যায়ভাৱে আটক কৰাৰ আশংকা কৰা হৈছে। সেই কাৰণেই আমেৰিকাৰ নাগৰিকসকলক মূল চীন ভ্ৰমণৰ কথা পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

জুন আৰু মাৰ্চৰ শেষৰ ফালে জাৰি কৰা ভ্ৰমণ পৰামৰ্শত উল্লেখ কৰা হৈছে যে আমেৰিকাৰ নাগৰিকসকলক চীন চৰকাৰে অন্যায়ভাৱে আটক কৰাৰ আশংকাত ভুগিছে। আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ পোহৰত জাৰি কৰা হৈছে ভ্ৰমণ উপদেশ।

AssamDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment