ঐতিহাসিক ৪০ সৰভোগ বিধান সভা সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত,আজি সৰভোগৰ গান্ধীভৱন প্ৰাংগণত অসম জাতীয় পৰিষদ,ৰাইজৰ দ’ল,ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চিপিআই(এম)ৰ আহ্বানত এখন বিশাল জনসভা অনুষ্ঠিত হয়,এই বিশাল জনসভাত-অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ,ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ,বিৰোধী দলৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন,সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ,সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাস,সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন আদি উপস্থিত থাকে৷